sciencescience fiction

Science Facilitator (English) [ IPA: ˈsaɪəns fəˈsɪləˌteɪtər ASM: চাইন্স ফেচিলিটেটৰ]
Contributed by: Abhijit Saikia on 2011-10-09
1. Science and Technology(Common Noun-Common &/or Masculine) Specilised Teacher of Science and technology বিজ্ঞান প্ৰযুক্তিৰ বিশেষজ্ঞ, বিজ্ঞান প্ৰযুক্তিৰ বিশেষ শিক্ষক৷ বিজ্ঞান প্রযুক্তিৰ দ্রুত প্রসাৰণৰ লগে লগে কাৰিকৰী আৰু ব্যৱস্থাপনৰ ক্ষেত্রখনত অনেক সম্ভাবনাৰ সৃষ্টি হ’লেও অসমত বিজ্ঞান শিক্ষাৰ প্রতি আগ্রহ আশানুৰুপভাবে বৃদ্ধি পোৱা নাই। ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীণ হাৰ ক্রমাগত বাহিলেও বিজ্ঞান শিক্ষাত নাম ভৰ্তি বঢ়া নাই। কোনো বছৰেই বিজ্ঞান শাখাত নাম ভত্তি কৰা ছাত্র ছাত্রীৰ সংখ্যাই কুৰি হাজাৰৰ ঘৰ অতিক্রম কৰা নাই। এনে এক সময়তে, ২০১০ চনত ছেপ্তেম্বৰ মাহত অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তিবিদ্যা বিভাগে প্রথম পয্যায়ত ১১৬ আৰু দ্বিতীয় পয্যায়ত ১৬০ জন গণিত আৰু বিজ্ঞান প্রযুক্তিৰ বিশেষ শিক্ষক নিযুক্তি দিয়ে। ১৯ ছেপ্তমবৰত ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুস্থানিক ভাবে গুৱাহাটী টাউন ক্লাবত নিযুক্তি পত্র দিছিলে। সম্পূৰ্ণ মেধাভিত্তিক এই নিযুক্তি দিয়া হৈছিল। এই শিক্ষকসকলক অসমৰ কেইজনমান গণিত আৰু বিজ্ঞান প্রযুক্তিবিদ্যাৰ বিশিস্ত শিক্ষাবিদে বাছনি কৰিছিলে৷ আবেদন কৰাৰ যোগ্যতাও শিথিল নাছিল। তেওঁলোকৰ সকলো মেত্রিকত প্রথম বিভাগত উৎতীৰ্ণ হোৱা। ৯০ % ই গণিত-পদাৰ্থ-ৰসায়নৰ স্নাতকোত্তৰ ডিগ্রী থকা। অসমৰ ১২৬ টা সমস্তিৰ প্রতিটোতে এখনকৈ নিৰ্বাচিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুজনকৈ ফেচিলিটিটৰ নিয়োগ কৰা হৈছিল, এজন গণিত আৰু এজন বিজ্ঞানৰ। নিয়োগৰ আগতে গুৱাহাটীত প্রশিক্ষণ দিয়া হৈছিল, অসমৰ বহু গণিত আৰু বিজ্ঞানৰ বিশিস্ত শিক্ষাবিদৰ দ্বাৰা। তেওঁলোকে গণিত আৰু বিজ্ঞান শিক্ষা পদ্ধতিৰ উন্নতিৰ বাবে আহোপূৰুষাৰ্থ যত্ন কৰি আছে৷